নলবাৰীঃ ৰাজ্যজুৰি প্ৰবল জনপ্ৰিয়তা অৰ্জন কৰা জুবিন গাৰ্গৰ ব্যয়বহুল অসমীয়া বোলছবি মিছন চাইনাক লৈ এতিয়া প্ৰান্তে প্ৰান্তে উদ্ভৱ হৈছে হাহাকাৰ পৰিস্থিতি৷ ছবিগৃহ সমূহত টিকট বিচাৰি গৈ টিকট লাভ নকৰা বাবেই একাংশ আকাংক্ষিত দৰ্শকে সৃষ্টি কৰিছে উত্তপ্ত পৰিস্থিতিৰো৷
আজি নলবাৰী জিলাৰ একমাত্ৰ ছবিগৃহ ভাৰতীয় টকীজতো দেখিবলৈ পোৱা গ’ল তেনে পৰিস্থিতি৷ বহুল জনপ্ৰিয়ছবিখন উপভোগ কৰিবলৈ আহি টিকট নোপোৱাত একাংশ দৰ্শকে ছবিগৃহটোৰ সন্মুখতে উত্তপ্ত পৰিস্থিতৰ সৃষ্টি কৰে৷ ষেষত ছবিগৃহত হিংসাত্মক ঘটনা সংঘটিত হোৱাৰ ভয়ত ছবিগৃহ কৰ্তৃপক্ষই আৰক্ষী মোতায়েন কৰিবলৈ বাধ্য হৈ পৰে৷