তিনিচুকীয়াঃ বান, বনৰীয়া হাতী ৰাজ্য খনৰ শ শ কৃষকৰ কৃষি পথাৰ নষ্ট কৰাৰ সমানে সমানে কলা কমাণ্ডোৱে খেতি নষ্ট কৰি আহিছে। তাহানিৰ ক’লা কামাণ্ডোৱে তথা শুৰ পোকে জকাইচুকৰ কৃষকৰ তুপুনি হৰিছে। বানৰ পাছতে অতি কষ্টৰে কঠিয়া কিনি ভূই ৰোৱা খেতিয়কসকলক শুৰ পোকে আক্ৰমম কৰি ব্যাপক ক্ষতিসাধন কৰিছে।
সমগ্ৰ ৰাজ্যৰ লগতে তিনিচুকীয়া জিলাতো কৃষক ৰাইজে মূৰৰ ঘাম মাটিত পেলাই শ্যামলী কৰিছিল। সোণগুটিৰ পথাৰসমূহ বানে উৰুঙা কৰি থৈ যোৱা এটা পষেক পাৰ নৌহওঁতেই এইবাৰ কলা কামাণ্ডোৰ সন্ত্ৰাস চলিছে৷ বানৰ কৱলত পৰা কৃষিভূমিৰ কঠীয়াসমূহে কোনোমতে কঁকালটো পোনাইছিলেহে মাঁথো৷