নলবাৰীঃ সমাগত পঞ্চায়ত নিৰ্বাচনৰ আগে আগে নতুন শক্তিৰে সমিতি গঠন কৰি ৰাজ্যৰ ঠায়ে ঠায়ে মহিলা মৰ্চাৰ সভা অনুষ্ঠিত হৈ আছে৷ এই ক্ষেত্ৰতম পিছ পৰি থকা নাই নলবাৰীও৷ আজি বিজেপিৰ মহিলা মৰ্চাৰ নলবাৰী জিলা সমিতিৰ প্ৰথম কাৰ্যনিৰ্বাহক সভাখন নলবাৰী আই এম এ ভৱনত অনুষ্ঠিত হয়।
জিলা মহিলা মৰ্চাৰ সভানেত্ৰী অঞ্জনা বৰ্মনৰ সভানেত্ৰীত্বত অনুষ্ঠিত হোৱা সভাৰ আঁত ধৰে সাধাৰণ সম্পাদিকা পপি দত্ত৷ সভাখনত নলবাৰী সমষ্টিৰ বিধায়ক অশোক কুমাৰ শৰ্মা, ৰাজ্যিক মহিলা মৰ্চাৰ সভানেত্ৰী বিজুলী কলিতা মেধি, নলবাৰী জিলা পৰিষদৰ সভানেত্ৰী চপলা ৰাজবংশী মেধি, জিলা বিজেপিৰ সভাপতি বনদ্বীপ ডেকা, সাধাৰণ সম্পাদক নিতুল ডেকা, কোষাধ্যক্ষ ধ্ৰুৱজ্যোতি দত্ত সহ কেইবাগৰাকীও বিজেপি নেতা-নেত্ৰী উপস্থিত থাকে।