শিৱসাগৰঃ ভ্ৰষ্টাচাৰী চৰকাৰে আমুৱাইছে এতিয়া ৰাজ্যৰ জনসাধাৰণক৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিভিন্ন দল-সংগঠনে ৰাজপথলৈ ওলাই আহি অকৰ্মণ্য চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰাৰ সময়তে শিৱসাগৰ জিলাতো ৰূপায়ণ হ’ল দূৰ্নীতিৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ৷
বৃহৎ ৩০০ কোটিৰ ফৰলেন কেলেংকাৰী তদন্তৰ দাবী, দীক্ষা ৰাজকুমাৰীৰ হত্যাকাণ্ডৰ প্ৰকৃত দোষীক গ্ৰেপ্তাৰ আৰু বেতন বঞ্চিত ১৫৩০ জন শিক্ষকৰ সমস্যা সমাধানৰ দাবীত শিৱসাগৰ জিলাৰ ১৪ টা জাতীয় সংগঠনে আহ্বান কৰা শিৱসাগৰ বন্ধৰ প্ৰভাৱ সৰ্বাত্মক ৰূপে পৰা পৰিলক্ষিত হৈছে৷