কালুগাঁওঃ এগৰাকী বিশিষ্ট কবি হিচাপে প্ৰতিষ্ঠা লাভ কৰিবলৈ সক্ষম হোৱা স্বভাৱ কবি ৰূপে পৰিচিত শিৱসাগৰ জিলাৰ দেওপানী নপাম বাৰূৱতী গাঁও নিবাসী টিপেশ্বৰ গগৈক ৯ ছেপ্তেম্বৰত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত কালুগাঁও ৰাইটাৰ্ছ গীল্ড চমুকৈ কাৰাগীৰ তৰফৰ পৰা “সেউজ উপত্যকাৰ কবি” উপাধি প্ৰদান কৰা হয়।
সেই উদ্দেশ্যে “কালুগাঁও ৰাইটাৰ্ছ গীল্ড” আৰু শিৱসাগৰৰ আগশাৰীৰ স্বেচ্ছাসেৱী অনুষ্ঠান “খোজ”ৰ উদ্যোগত আৰু কালুগাঁও উচ্চ বিদ্যালয়ৰ সহযোগত কালুগাঁও ৰাইটাৰ্ছ গীল্ডৰ ৰূপালী জয়ন্তী বৰ্ষৰ ঊষা লগ্নত “সমন্বয়ৰ ৰূপোৱালী যাত্রা” শীৰ্ষক এক বৰ্ণিল অনুষ্ঠান কাৰাগীৰ সভাপতি হৰেণ চন্দ্ৰ নাথৰ পৌৰহিত্যত কালুগাঁও উচ্চ বিদ্যালয় প্ৰেক্ষাগৃহত অনুষ্ঠিত হৈ যায়। অনুষ্ঠানৰ লগত সংগতিৰাখি “অসমৰ লোকসংস্কৃতি, এক চমু অৱলোকন” শীৰ্ষক আলোচনা চক্ৰত মুখ্য বক্তাৰূপে অংশগ্ৰহণ কৰে বিশিষ্ট সংগীত শিল্পী প্ৰবীণ হাজৰিকাই।