চৰাইদেউঃ অসম ফুটবল সন্থাৰ উদ্যোগত চৰাইদেউ জিলা ক্ৰীড়া সন্থাৰ সৌজন্যত ১০ সংখ্যক ১৩ বছৰ অনুৰ্ধ সদৌ অসম আন্তঃজিলা জিলা সুজিত নাৰ্জাৰী ট্ৰফী ফুটবল প্ৰতিযোগিতা অনুষ্ঠিত হৈছে চৰাইদেউ জিলাত।
এই প্ৰতিযোগিতাৰ আজি উদ্বোধনী অনুষ্ঠান মাইবেলাস্থিত লাকুৱা তাপ বিদ্যুত প্ৰকল্পৰ খেলপথাৰত অনুষ্ঠিত হয়। লাকুৱা তাপ বিদ্যুত প্ৰকল্পৰ মহাপ্ৰৱন্ধক ৰাজেন বৰুৱাই ফুটবলত কিক মাৰি উদ্বোধন কৰাৰ পূৰ্বে কেইবাগৰাকীও ক্ৰীড়াবিদৰ লগতে সমাজকৰ্মীক সম্বৰ্ধনা জনায় আয়োজক মণ্ডলীয়ে।