57
নগাঁওঃ অনুসূচিত জাতি যুৱ পৰিষদৰ নগাঁও জিলা সমিতিৰ সভাপতি বিষ্ণু হাজৰিকাক তৎকালে কাৰ্যকৰী হোৱাকৈ সংগঠনৰ প্ৰাথমিক সদস্য পদৰ পৰা বহিষ্কাৰ কৰা বুলি এক বিবৃতি যোগে সংগঠনটোৱে সংবাদমাধ্যমক জানিবলৈ দিয়ে৷
৷ সংগঠনটোৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি ৰুবুল দাস আৰু সম্পাদক সঞ্জীৱ দাসে যোৱা ৮ ছেপ্টেম্বৰত অনুষ্ঠিত কেন্দ্ৰীয় কাৰ্যনিৰ্বাহকৰ সিদ্ধান্ত অনুসৰি নগাঁও জিলা সমিতিৰ সভাপতি বিষ্ণু হাজৰিকাক বহিস্কাৰৰ সিন্ধান্ত লোৱা বুলি উল্লেখ কৰেবিবৃতি৷