শুক্লাইঃ সদৌ হিন্দী ভাষী যুৱ ছাত্ৰ পৰিষদ শুক্লাই আঞ্চলিক সমিতিৰ উদ্যোগত পূব ধৰমজুলী প্ৰাথমিক বিদ্যালয় প্ৰাংগণত এদিনীয়া কাৰ্যসূচীৰে ১৪ ছেপ্টেম্বৰত অনুষ্ঠিত হ’ব হিন্দী দিৱস৷ কাৰ্যসূচী অনুসৰি ৰাতিপুৱা ৯ বজাত পতাকা উত্তোলনৰে অনুষ্ঠানৰ শুভাৰম্ভ কৰিব উদযাপন সমিতিৰ সভাপতি হীৰালাল ৰাজভৰে।
ইয়াৰ পিছতে অনুষ্ঠিত হ’ব ক্ৰমে ছহিদ তৰ্পন ,বৃক্ষ ৰোপন, বিভিন্ন খেল ধেমালি প্ৰতিযোগিতা, কুইজ প্ৰতিযোগিতা, আলোচনা চক্ৰ। দিনৰ ২ বজাত উদযাপন সমিতিৰ সভাপতি হীৰালাল ৰাজভৰৰ সভাপতিত্বত অনুষ্ঠিত হ’বলগীয়া মুকলি সভাত মূখ্য অতিথি হিচাপে উপস্থিত থাকিব সদৌ ওদালগুৰি হিন্দী ভাষী যুৱ ছাত্ৰ পৰিষদৰ সভাপতি ৰাজেন্দ্ৰ প্ৰসাদ চৌহান।