গুৱাহাটীঃ সফলতাৰে চাৰিটা বছৰ অতিক্ৰম কৰাৰ পিছত পঞ্চমবাৰৰ বাবে মাছখোৱাস্থিত প্ৰাগজ্যোতি আই টি এ কেন্দ্ৰত ব্ৰহ্মপুত্ৰ ভেলী ফিল্ম ফেষ্টিভেলৰ আয়োজন কৰা হৈছে। অহা ১৫, ১৬ আৰু ১৭ ছেপ্তেম্বৰত তিনিদিনীয়া কাৰ্য্যসূচীৰে আৰম্ভ হ’বলগীয়া এই কাৰ্যক্ৰমত অংশ লব চিত্ৰ নিৰ্মাতা বিশাল ভৰদ্বাজ, অভিষেক চৌওৱে, গৌৰি সিন্দে, নাগেশ কুকুনুৰ, নাগৰাজ মঞ্জুলে আৰু বিশিষ্ট অভিনেতা আদিল হুছেইন।
এই ফেষ্টিভেলত উত্তৰ পূৰ্বাঞ্চলৰ উপৰিও ভাৰতৰ বিভিন্ন প্ৰান্তৰ কেইবাখনো ছবিৰ দৰ্শনীৰ ব্যৱস্থা কৰা হৈছে। লগতে মত বিনিময় অনুষ্ঠান, কৰ্মশালা, চলচ্চিত্ৰ কুইজ, আলোচনা চক্ৰ আৰু বঁটা বিতৰণী সভা অনুষ্ঠিত কৰা হ’ব। উল্লেখযোগ্য যে, এই অনুষ্ঠানতেই অসমীয়া ছবি পৰিচালক মুনীন বৰুৱালৈ ফেষ্টিভেলৰ তৰফৰ পৰা আগবঢ়োৱা হব জীৱনজোৰা সাধনা বঁটা৷