নলবাৰীঃ নলবাৰী জিলাৰ ৫৯ নম্বৰ নলবাৰী আৰু ৬১ নম্বৰ ধৰ্মপুৰ বিধান সভা সমষ্টিৰ সমীপৰ ঐতিহাসিক পকোৱা লক্ষ্মী মন্দিৰৰ ওচৰৰ ভালুকমাৰা জানৰ ওপৰত থকা কাঠৰ দলং খন এতিয়া স্থানীয় ৰাইজৰ বাবে যেন মৰণফান্দলৈ পৰিণত হৈছে।
জিলাখনৰ অতি ব্যস্ততাপূৰ্ণ এই পথটোৰে বাহঁজানী মৌজাৰ বৃহত্তৰ আজাৰা, দৌকুছি, চান্দকুছিৰ, মাজদিয়া আদি অঞ্চলৰ লগতে পকোৱা মৌজাৰ বৃহৎ অঞ্চলৰ ৰাইজে নলবাৰী হৈ গুৱাহাটী লৈ যাতায়ত কৰে। ঐতিহাসিক গুৰুত্ব থকাৰ লগতে বৰ্তমান সময়ত এটা অতি ব্যস্ততাপূৰ্ণ পথ হিচাপে পথটোৱে যিমান গুৰুত্ব পাব লাগিছিল আৰু যিদৰে নিৰ্মাণ হ’ব লাগিছিল সেয়া হৈ উঠা নাই। দীৰ্ঘ দিন ধৰি জৰাজীৰ্ণ হৈ থকা পথটোৰ ওপৰত থকা কাঠৰ দলঙৰ অৱস্থা এতিয়া তেনেই তথৈবচ।