দলংঘাটঃ দৰং জিলা দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ উদ্যোগত দেওমৰনৈ গাঁও পঞ্চায়তৰ সৌজন্যত ভাগৰথী একাডেমিৰ সহযোগত দেওমৰনৈ ভাগৰথী একাডেমিৰ প্ৰাংগণত আজি দুৰ্যোগ প্ৰশমনৰ ওপৰত এখনি সজাগতা সভা অনুষ্ঠিত হয়। অনুষ্ঠানটিত দুৰ্যোগ ব্যৱস্থাপনাৰ ওপৰত ভাগৰথী একাডেমিৰ ছাত্র ছাত্রী সকলৰ মাজত কুইজ আৰু চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত কৰে।
লগতে ভাগৰথী একাডেমিৰ পৰা এক শোভাযাত্ৰা উলিয়ায়৷ শোভাযাত্ৰাত অংশগ্রহণ কৰে ভাগৰথী একাডেমিৰ ছাত্র-ছাত্রী, শিক্ষক-কৰ্মচাৰী, পাথৰিঘাট ৰাজহ চক্ৰৰ লাট মণ্ডল মহম্মদ ফাৰুক, ৬ খন গাঁৱৰ গাঁওবুঢ়া, দেওমৰনৈ গাঁও পঞ্চায়তৰ সভাপতি হেমচন্দ্র বৰুৱা, সচিব, সদস্য সকলে৷ শোভাযাত্ৰাৰ পিছত দেওমৰনৈ গাঁও পঞ্চায়তৰ কাৰ্য্যালয়ত এখনি সভা অনুষ্ঠিত কৰা হয়৷