গুৱাহাটীঃ আজি বক্সাৰ শিৱ থাপাৰ বিৰুবাৰীস্থিত বাসগৃহত উপস্থিত হয় টীম ইণ্ডিয়াৰ প্ৰাক্তন ক্ৰিকেটাৰ বীৰেন্দ্ৰ সেহৱাগ। এখন তথ্য চিত্ৰৰ সাক্ষাৎ গ্ৰহণৰ বাবে গুৱাহাটীত আহি উপস্থিত হয় ক্ৰিকেটাৰ বীৰেন্দ্ৰ সেহৱাগ৷ তথ্য চিত্ৰখনত সন্নিবিষ্ট হ’ব শিৱ থাপাৰ জীৱন-যৌৱনৰ কথা৷
অসমৰ সুযোগ্য সন্তান, অৰ্জুন বঁটা প্ৰাপ্ত বক্সাৰ শিৱ থাপাৰ সৈতে সেহৱাগে ৩০ মিনিট সময় ৰেকৰ্ডিং কৰে৷ তথ্য চিত্ৰ খনৰ বাবে বিভিন্ন তথ্য সংগ্ৰহ কৰাৰ উপৰিও বিস্ফোৰক বেটছমেনগৰাকীয়ে অসমৰ মাটিত শিৱ থাপাৰ সৈতে অতিবাহিত কৰে বহু সময়৷