নগাঁওঃ প্ৰেমে নামানে জাতি কুল, প্ৰেমে নিচিনে সমাজৰ হুল৷ তেনে এক পৰকীয়া প্ৰেমৰ পৰিণতিত এগৰাকী দুই সন্তানৰ মাতৃক পলুয়াই নি এজন যুৱক আলহী হ’বলগীয়া হ’ল ৰঙাঘৰৰ৷ যিটো ঘটনাই এতিয়া নগাঁও জিলাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷
প্ৰাপ্ত খবৰ মতে, নগাঁৱৰ জাজৰি থানাৰ এলেকাধীন নমাটি অঞ্চলৰ ৰত্ন বৰা নামৰ লোকজনৰ পত্নী তথা দুটা সন্তানৰ মাতৃ ৰশ্মি বৰা যোৱা ১১ ছেপ্টেম্বৰত ঘৰৰ পৰাই অন্তৰ্ধান হোৱাত সম্ভাব্য সকলো স্থানতে বিচাৰ-খোছাৰ কৰিও কোনো সন্ধান নোলোৱাত স্বামী ৰত্ন বৰাই পত্নীৰ অপহৰণ হোৱা বুলি স্থানীয় জাজৰি আৰক্ষী থানাত এজাহাৰ দাখিল কৰে৷