নলবাৰীঃ নলবাৰী নগৰৰ মাজমজিয়াত ১৯৯৬ চনতে স্থাপন হোৱা অন্য এখন ব্যক্তিগত খণ্ড শিক্ষানুষ্ঠান হ’ল ব্ৰক্ষ্মপুত্ৰ ভেলী ষ্টাৰ একাডেমি। এই শিক্ষানুষ্ঠানখনৰ নৱাগত অাদৰণি সভাখন আজি শিক্ষানুষ্ঠানখনৰ বাকৰিত অনুষ্ঠিত হৈ যায়।
সমবেত সংগীত পৰিৱেশনে অাৰম্ভ হোৱা অনুষ্ঠানটো গীত মাতে সফল কৰি তুলে শিক্ষাৰ্থীসকলে। অাৰম্ভণি অনুষ্ঠানতে একাডেমীৰ সঞ্চালিকা মৃদুস্মিতা বৰুৱা মেধীয়ে এটি সুমধুৰ গীত পৰিৱেশনেৰে সকলোকে অাপ্লুত কৰে। ব্ৰক্ষ্মপুত্ৰ ভেলী ষ্টাৰ একাডেমিৰ সহঃ শিক্ষয়িত্ৰী প্ৰীতি খাটনিয়াৰ আৰু সহঃ শিক্ষক প্ৰদীপ শৰ্মাই অাঁতধৰা অনুষ্ঠানটোত শিক্ষানুষ্ঠানখনৰ অধ্যক্ষ ভবেন ভট্টয়ে সভাপতিত্ব কৰে।