কোকৰাঝাৰঃ কোকৰাঝাৰ ৰেলৱে ষ্টেচনৰ নিচেই কাষতে থকা শনি মন্দিৰৰ পূজাৰী নিখিল দেৱনাথ (৫৭)ৰ ৪ হত্যাকাৰীক অৱশেষত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে যদিও পঞ্চম অভিযুক্ত আৰু লুট কৰি দিয়া ধনৰ সন্ধানত আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে।
পূজাৰী হত্যাৰ সৈতে অভিযুক্ত পাঁচ অপৰাধীৰ ভিতৰত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা চাৰি অভিযুক্ত হ’ল ক্ৰমে বলাই হালদাৰ (২১), পাপাই বৰ্মন(১৮), বিশ্বজিৎ বৰ্মন(৩৮) আৰু মাজিনুৰ ইছলাম (২৪)। অভিযুক্তসকলৰ জিন্মাৰ পৰা আৰক্ষীয়ে হত্যাত ব্যৱহৃত এটা ৭পইণ্ট ৬৫ পিষ্টল , নগদ ৬৫১০ টকা , এখন বাজাজ পালছাৰ (নং এএছ ১৭, ৮৮৪৭), এখন টাটা ইণ্ডিকা (গাড়ী নং এ এছ ১১ চি, ৫৫৮২) আৰু সাতটা মোবাইল ফোন আৰক্ষীয়ে জব্দ কৰিছে।