লংকাঃ লংকাৰ বাছ আস্থানত আজি দুপৰীয়া এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। বিজেপিৰ লংকা মণ্ডল কমিটিৰ সম্পাদকৰ দায়িত্বত থকা পাপু দে ৰ বিৰুদ্ধে চালকক প্ৰহাৰ কৰাৰ অভিযোগ তুলি একাংশ চালক হেণ্ডিমেনে ৰাজপথ অৱৰোধ কৰে। প্ৰায় ১ ঘণ্টা ধৰি ৰাজপথ আবদ্ধ কৰি ৰখাৰ ফলত কেইবা শ যান-বাহন আবদ্ধ হৈ পৰে।
পাপু দে মূর্দাবাদ পাপু দে’ক গ্ৰেপ্তাৰ কৰক আদি শ্ল’গান দি চালক হেণ্ডিমেনে ৰাজপথ উত্তাল কৰি তোলে। ঘটনা স্থলীত লংকা আৰক্ষীৰ লোক উপস্থিত হৈ প্ৰায় এঘণ্টা পিছত পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব সক্ষম হয়।