খেৰণিঃ পশ্চিম কাৰ্বি আংলং তথা কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ ৯ নং আমৰেং পৰিষদীয় সমষ্টিৰ অন্তৰ্গত টিলাবস্তীস্থিত বিবাহ ভৱনত আজি বিজেপিৰ এখন পূৰ্ণকালীন সভা অনুষ্ঠিত হয়৷ বিজেপি কেন্দ্ৰীয় তথা ৰাজ্যিক সমিতিৰ নিৰ্দেশ মৰ্মে আয়োজন কৰা বিজেপিৰ এই পূৰ্ণকালীন সভাত বিজেপি স্থানীয় সমিতি সমূহ উপস্থিত থাকে৷ এই সভাৰ যোগে দলৰ বাবে অথবা দলীয় নীতি-আদৰ্শৰে কিদৰে চৰকাৰক সহায় সহযোগ আগবঢ়াই যাব সেই সন্দৰ্ভত বিজেপি স্থানীয় সমিতিসমূহক বিশেষ প্ৰশিক্ষণ প্ৰদান কৰা হয়৷
উল্লেখ্য যে, উল্লেখিত পৰিষদীয় সমষ্টিটোৰ অন্তৰ্গত থকা মুঠ ৪৬ খনকৈ বিজেপি স্থানীয় সমিতিৰ সভাপতি-সম্পাদক আৰু সদস্য উপস্থিত থকা পূৰ্ণকালীন সভাত আমৰেং সমষ্টিৰ জনপ্ৰতিনিধি তথা কাৰ্বি পৰিষদীয় সদস্যা ৰীণা টেৰাংপিয়ে ভাষণ প্ৰসংগত কয় যে তৃণমুল পৰ্যায়ৰ-প্ৰাথমিক স্তৰৰ কৰ্মকৰ্তা-সদস্যই হ’ল বিজেপি দলৰ মুল ভেটি৷ গতিকে কোনো বিজেপি নেতা অথবা কৰ্মকৰ্তাই কেতিয়াও উপলব্ধি কৰিব নালাগে যে মই বিজেপিৰ ৰাজ্যিক সমিতি, জিলা সমিতি অথবা মণ্ডল সমিতিত নাই বাবে মোৰ গুৰুত্ব নাই বুলি৷ সেইটো ভাবিলে ভুল হ’ব, কাৰণ দলৰ বাবে ৰাজ্যিক সমিতিৰ যি কাম সেই একেই কাম বিজেপি স্থানীয় সমিতিৰো বুলি কয় টেৰাংপিয়ে৷