কোকৰাঝাৰঃ বড়োলেণ্ড বিশ্ববিদ্যালয়ত অসমীয়া মাধ্যম প্ৰত্যাহাৰ কৰাক কেন্দ্ৰ কৰি ভুল বুজাবুজিৰ সৃষ্টি হৈ আজি গোৰেশ্বৰত ছাত্ৰ-ছাত্ৰীয়ে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰাৰ পিছত পুনৰাই বিশ্ববিদ্যালয়ৰ স্থিতি স্পষ্ট কৰিছে উপাচাৰ্য হেমন্ত কুমাৰ বৰুৱাই।
আজি বডোলেণ্ড বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হেমন্ত কুমাৰ বৰুৱাই নিজ কাৰ্যালয় কক্ষত আয়োজিত কৰা এক সংবাদমেলত বিশ্ববিদ্যালয়ৰ স্থিতি স্পষ্ট কৰি কয় যে প্ৰকৃততে বডোলেণ্ড বিশ্ববিদ্যালয়ে অসমীয়া মাধ্যম প্ৰত্যাহাৰ কৰা নাই।