গোৰেশ্বৰঃ বিটিএডিত অসমীয়া ভাষা ৰক্ষাৰ বাবে ৰাজ পথলৈ ওলাই আহিল ছাত্ৰ-ছাত্ৰী৷ শ শ ছাত্ৰ-ছাত্ৰীয়ে প্ৰখৰ ৰদকো নেওচি ৰাজ পথ উত্তাল কৰি শপত খালে অসমীয়া ভাষা ৰক্ষা কৰাৰ বাবে৷ বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ এক হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে আজি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে বাক্সা জিলাৰ গোৰেশ্বৰত। বড়োলেণ্ড বিশ্ববিদ্যালয়ে স্নাতক পৰ্যায়ত অনাৰ্চ বিষয়ত ইংৰাজী ভাষা বাধ্যতামূলক কৰি অসমীয়া ভাষা বিলুপ্ত কৰাৰ প্ৰতিবাদত ৰাজপথলৈ ওলাই আহে ছাত্ৰ-ছাত্ৰী।
গোৰেশ্বৰ মহাবিদ্যালয় গোট ছাত্ৰ সন্থাৰ নেতৃত্বত শুকুৰবাৰে দিনৰ ১১ বজাত মহাবিদ্যালয়খনৰ লগতে কেবাখনো শিক্ষানুষ্ঠানৰ শ-শ ছাত্ৰ-ছাত্ৰীয়ে গোৰেশ্বৰ ৰেল গেটত মুখ্য চ’কত প্ৰতিবাদ সাব্যস্ত কৰে৷ ছাত্ৰ-ছাত্ৰীসকলে এঘাৰ বজাৰ পৰা এক বজালৈ দুই ঘন্টাৰ পথ অৱৰোধ কাৰ্যসূচী গ্ৰহণ ৰূপায়ণ কৰি অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হয়। পথ অৱৰোধৰ ফলত তীব্ৰ যান-জোঁটৰ বাবে পথচাৰী ৰাজপথত আবদ্ধ হৈ পৰিব লগা হয়।