কোকৰাঝাৰঃ ৰাজ্যৰ বিভিন্ন ঠাইত মহিলা, যুৱতীৰ ওপৰত নিৰ্যাতনৰ ঘটনা বৃদ্ধি পোৱাৰ সময়তে এইবাৰ কোকৰাঝাৰত নিৰ্যাতনৰ বলি হৈছে এগৰাকী স্কুলীয়া ছাত্ৰী ৷ কোকৰাঝাৰ জিলাৰ ফকিৰাগ্ৰাম থানাৰ অন্তৰ্গত চিথিলা এম ভি স্কুলৰ এগৰাকী স্কুলীয়া ছাত্ৰীক বিদ্যালয়খনৰে চকীদাৰ জোনাব আলীয়ে নিৰ্যাতন কৰা ঘটনাক লৈ আজি উত্তাল হৈ পৰে চিথিলা।
প্ৰাপ্ত অভিযোগ অনুসৰি চিথিলা এমভি স্কুলত অধ্যয়নৰত এগৰাকী অষ্টম শ্ৰেণীৰ ছাত্ৰীক চকীদাৰ জোনাব আলীয়ে কালি বলপূৰ্বক ধৰ্ষণৰ চেষ্টা চলাইছিল৷ পিছত নিৰ্যাতনৰ কথাটো ৰাজহুৱা হোৱাত আজি স্থানীয় ৰাইজৰ সহযোগত চিথিলা আঞ্চলিক বেংগলী যুৱ ছাত্ৰ পৰিষদ আৰু বিটিচি বেংগলী ফেডাৰেছনে জোনাব আলীক কঠোৰ শাস্তিৰ দাবীত চিথিলাত এক প্ৰতিবাদী শোভাযাত্ৰা উলিয়ায়৷