নিৰ্বিকাৰ স্বামী, সন্মুখত জ্বলি আছে পত্নীৰ জীৱন্ত শৰীৰ

Home ৰাজ্যনিৰ্বিকাৰ স্বামী, সন্মুখত জ্বলি আছে পত্নীৰ জীৱন্ত শৰীৰ

নিৰ্বিকাৰ স্বামী, সন্মুখত জ্বলি আছে পত্নীৰ জীৱন্ত শৰীৰ

by News Desk
50 views
A+A-
Reset

আমগুৰিঃ আমগুৰি নগৰৰ পৰা নাতিদূৰৰ বাঘজান চাহবাগিছাত এগৰাকী বিবাহিতাই আত্মজাহ যোৱাৰ চেষ্টা চলোৱা কাৰ্য্যই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ প্ৰায় তিনিবছৰ পূৰ্বে ডিমৌ দেউৰীটিং গাঁৱৰ ৰামেশ্বৰ মোডীৰে বাঘজান চাহবাগিছাৰ অলকা মোডীৰ বিবাহ সম্পন্ন হৈছিল যদিও দৈনিক দুয়োৰে মাজত পাৰিবাৰিক কন্দলৰ সূত্ৰপাত হৈছিল৷ বিবাহৰ পাছৰে পৰাই ৰামেশ্বৰ মোডীয়ে নিজা বাসগৃহ ত্যাগ কৰি বাঘজান বাগিছাৰ শহুৰৰ ঘৰত বসবাস কৰিবলৈ লৈছিল৷

পেছাত এগৰাকী অংগনৱাড়ী কৰ্মী অলকা মোডীয়ে আজি স্বামীৰ দৈনিক অত্যাচাৰৰ পৰিণতিত আত্মজাহৰ চেষ্টা চলায়৷ ঘটনা অনুসৰি, আনদিনৰ দৰে আজিও পতি-পত্নীৰ মাজত কাজিয়াৰ সূত্ৰপাত ঘটে আৰু অলকা মোডীয়ে স্বামীৰ সন্মুখতে গাত কেৰচিন ঢালি জুই লগাই দিয়ে৷ আনহাতে স্বামী ৰামেশ্বৰ মোডীয়ে কাৰোবাক সহায়ৰ বাবে মতাৰ পৰিৱৰ্তে পত্নীৰ জুই লগাৰ দৃশ্য চাই ৰয়৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0