বঢ়মপুৰঃ পৰিবৰ্তনকামী চৰকাৰৰ দিনৰ বাট-ঘাটে জ্বলা-কলা খুৱাইছে সাধাৰণ জনতাক৷ জৰাজীৰ্ণ বাট-পথৰ ম্ৰামতিৰ দাবীত ৰাজ্যখনত এতিয়া প্ৰতিদিনেই সাব্যস্ত হৈছে প্ৰতিবাদ৷ বিভিন্ন দল-সংগঠন আৰু সাধাৰণ জনতাৰ প্ৰতিবাদতো গা নলৰা চৰকাৰখনৰ বিৰুদ্ধে এইবাৰ নগাঁৱত প্ৰতিবাদ সাব্যস্ত কৰিবলৈ ওলাই আহিল স্থানীয় মহিলা৷
চাৰি লেন যুক্ত ৰাষ্ট্ৰীয় পথ নিৰ্মাণৰ কাম চলি থকাৰ পিছতে মেৰামতিৰ অভাৱত নগাঁৱৰ পৰা কলিয়াবৰ পৰ্য্যন্ত ৰাষ্ট্ৰীয় ঘাইপথ চোৱাৰ জৰাজীৰ্ণ অৱস্থা হোৱাৰ বাবেই স্থানীয় প্ৰায় অৰ্ধ শতাধিক মহিলা ওলাই আহি সাব্যস্ত কৰিলে তীব্ৰ প্ৰতিবাদ।