গোলকগঞ্জঃ স্বচ্ছতাই সেৱা এই বিষয়টো মূল মন্ত্ৰ হিচাপে লৈ আজিৰে পৰা দেশজুৰি আৰম্ভ হোৱা স্বচ্ছতাৰ প্ৰচাৰ অভিযানৰ অংশ হিচাপে আজি ধুবুৰী চহৰত বিশাল শোভাযাত্ৰা উলিওৱা হয়। সুন্দৰকৈ সজাই পৰাই তোলা স্বচ্ছতা ৰথক লৈ চহৰৰ প্ৰভাত চন্দ্ৰ বৰুৱা খেল পথাৰৰ পৰা আৰম্ভ হোৱা শোভাযাত্ৰা ধুবুৰী জিলা উপায়ুক্ত ধীৰাজ চৌধুৰীয়ে আনুষ্ঠানিক ভাৱে পতাকা জোকাৰি শুভৰাম্ভ কৰে।
শোভাযাত্ৰাত আৰক্ষী অধীক্ষক লংনিত টেৰণ, বিভিন্ন বিভাগৰ জেষ্ঠ বিষয়া সকল, স্কুলীয়া ছাত্ৰ-ছাত্ৰী আৰু স্থানীয় ৰাইজে অংশগ্ৰহণ কৰে। শোভাযাত্ৰা উদ্বোধন কৰি দিয়া ভাষণত জিলা উপায়ুক্ত চৌধুৰীয়ে পৰিস্কাৰ-পৰিচ্ছনতাক আমাৰ জীৱন ধাৰা হিচাপে গঢ়ি তুলিবলৈ আৰু সমাজৰ সকলো অংশকে এই অভিযানত জড়িত হবলৈ আহবান জনায়। এই উপলেক্ষ্যে শপত বাক্য পাঠ কৰাই জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মাই।