তিনিচুকীয়াঃ আহিনৰ নিয়ৰৰ টোপাল ওলমি সূৰ্যৰ পোহৰত মুকুতা মুকুতা হেন জিলিকি থাকিবলৈ কৃষকৰ হেপাঁহৰ ধাননিডৰা এইবেলি নাথাকিব৷ হয়তো নাথাকিব সোণগুটি চপোৱাৰ আনন্দ, পথাৰত কলপাতত নিমখ, জলকীয়াৰে ৰবাব টেঙাৰ জুতি লোৱাৰ মাদকতা, খেতিয়ক পাহোৱাল ডেকাই ধানৰ ডাঙৰী বন্ধাৰ চলেৰে দাৱনীক জোকোৱাৰ নিভাজ মৰমসনা মাত আৰু হয়তো ভোগালীৰ উচাহ উদ্দীপনা৷
কাৰণ ৰাজ্যজুৰি বলীয়া বানে খেতিপথাৰ তচনচ কৰি থৈ যোৱাৰ ঠিক পাছমুহূৰ্ততে কেউফালে শুৰপোকে ত্ৰাসৰ সৃষ্টি কৰি খাটিখোৱা খেতিয়কৰ ককাঁলত থিয় গোৰ শোধালে৷ কি উজনি কি নামনি সকলোতে তাণ্ডৱলীলা৷ পুৱা লহপহীয়াকৈ দেখি থকা কঠীয়াডৰা গধুলি উদং৷ তিনিচুকীয়া জিলাৰ প্ৰায় দহসহস্ৰাধিক বিঘা মাটিত শুৰপোকে অভিযান চলাই তহিলং কৰা বাতৰি এই নিউজ নেক্সট ওৱানৰ পাতত সবিস্তাৰে প্ৰকাশ পাইছিল৷