60
মঙলদৈঃ শুক্ৰবাৰে আবেলি মঙলদৈ বাঘপৰিত সংঘটিত হয় এক লোমহৰ্ষক হত্যাকাণ্ড। নিজ পুত্ৰই দেগাৰেৰে হানি খুচি হত্যা কৰে মাতৃক৷ লগতে পিতৃকো হত্যাৰ চেষ্টা চলায়। পুত্ৰৰ দেগাৰৰ খোচত ঘটনাস্থলিতে নিহত হয় মাতৃ আইছা খাতুন।
আনহাতে গুৰতৰভাৱে আহত পিতৃ চফিকুল আলি বৰ্তমান মঙলদৈ চিকিৎসালয়ত চিকিৎসাধীন। ঘাটক পুত্ৰক ৰাইজে কৰায়ত্ব কৰি উত্তম মাধ্যম সোধাই মঙলদৈ আৰক্ষীক গতাই দিয়ে।