চাবুৱাঃ যি সময়ত সমগ্র অসমত ঠায়ে ঠায়ে নিষিদ্ধ গুটখা আৰু গাঞ্জাৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান চলিছে। ঠিক তেনে সময়তে ডিব্ৰুগড় জিলাৰ চাবুৱা নগৰৰ বজাৰ এলেকাৰ বিভিন্ন চুকে-কোণে এচাম অসৎ ব্যৱসায়ীয়ে অবাধভাৱে চলাই আছে নিষিদ্ধ গাঞ্জা, গুটখাৰ দৰে বৰবিহৰ অবৈধ বেহা।
যাৰ ফলত অঞ্চলটোৰ সুস্থ সামাজিক বাতাবৰণত কু-প্ৰভাৱ পৰাৰ লগতে এই বৰবিহত নতুন প্ৰজন্ম আসক্ত হৈ পৰা পৰিলক্ষিত হৈছে। সেয়ে আৰক্ষী প্ৰশাসনৰ নিৰ্বিকাৰ ভূমিকাত ক্ষোভ উজাৰিছে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ চাবুৱা আঞ্চলিক সমিতিয়ে।