অভয়াপুৰীঃ জুৰীয়া কাণ্ডৰ বিৰুদ্ধে অভয়াপুৰীত উত্তাল প্ৰতিবাদ। গৰিয়া-মৰিয়া-দেশী জাতীয় পৰিষদৰ নেতা-কৰ্মীয়ে ৰাজ পথলৈ ওলাই আহি কংগ্ৰেছৰ বিধায়কৰ প্ৰতিকৃতি জ্বলাই গামোচা দাহ কৰা কাৰ্যৰ প্ৰতিবাদ জনায়।
নগাঁও জিলাৰ ৰূপহীহাট সমষ্টিৰ জুৰিয়াত একাংশ NSUIৰ কৰ্মীয়ে ক্ষোভ প্ৰকাশ কৰিবলৈ গৈ অসমবাসীৰ স্বাভিমান গামোচা জ্বলাই দিয়া কাৰ্যক তীব্ৰ বিৰোধিতা কৰি আজি বঙাইগাঁও জিলাৰ অভয়াপুৰীত গৰিয়া-মৰিয়া-দেশী জাতীয় পৰিষদৰ বঙাইগাঁও জিলা সমিতিয়ে ৰূপহীহাট সমষ্টিৰ কংগ্ৰেছী বিধায়ক নুৰুল হুদাৰ পুত্তলিকা দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে।