গুৱাহাটীঃ বিপদৰ বন্ধুৱে আচল বন্ধু। এনে বন্ধুত্বৰ উচিত নিদৰ্শন দেখুওৱাবলৈ আহি আছে “হেল্প” (HELP)। সৰ্বভাৰতীয় পৰ্যায়ত আহি আছে এনে এটা এপ, যিটোৱে আপোনাক আপোনাৰ বিপদত সময়ত সহায় কৰিব। পুলিচ থানা, এম্বুলেন্স সেৱা আৰু অগ্নিনিৰ্বাপক বাহিনীৰ যেতিয়াই য’তেই প্ৰয়োজন আপোনাৰ ওচৰত আহি হাজিৰ হব “হেল্প” নামৰ এই এপটোৰ ব্যৱহাৰৰ যোগেদি।
আজি গুৱাহাটী প্ৰেচ ক্লাবত এক সংবাদমেল যোগে এই এপটোৰ নিৰ্মাতা মুম্বাইৰ পৰা অহা সুভাস খাণ্ডেলকাৰে জানিবলৈ দিয়া মতে তেওঁ এই এপটো জনসাধাৰণৰ সুবিধাৰ্থে হে নিৰ্মান কৰিছে। এই এপটো সম্পূৰ্ণ ৰূপে বিনামূলীয়া। ইন্টাৰনেট সেৱা নোহোৱাকৈও এপটো ব্যৱহাৰ কৰিব পৰা সুবিধা সন্নিবিষ্ট হৈ আছে। ২০১৬ ৰ ১৩ আগষ্টত নিৰ্মান কৰি উলিওৱা এই ‘হেল্প’ নামৰ এপটোৱে মানুহৰ পৰা সমাদৰ লাভ কৰিব বুলি আশা কৰিছে এপটোৰ নিৰ্মাতা খাণ্ডেলকাৰে৷