ডিজিটেল ডেস্কঃ দেশত নজিৰ সৃষ্টি কৰি তামিলনাডু বিধান সভাৰ অধ্যক্ষই একেদিনে বহিস্কাৰ কৰিলেত ১৮ গৰাকীকৈ বিধায়কক। অধ্যক্ষ পি ধনপালে সাহসী পদক্ষেপ লৈ বহিস্কাৰ কৰা বিধায়কসকল শশীকলা তথা তেওঁৰ ভতিজা দিনকৰণৰ সমর্থিত। ১৮গৰাকীকৈ বিধায়কক বহিস্কাৰ কৰাত তামিলনাডুৰ ৰাজনীতিত একপ্ৰকাৰ ধুমুহাৰ সৃষ্টি হয়৷
দল বিৰোধী তথা বিসম্বাদী বিধায়ককেইজনে প্ৰায়ে শশীকলা তথা তেওঁৰ ভতিজা দিনকৰণৰ পক্ষত থিয় দিয়াৰ লগতে মন্তব্য প্ৰকাশ কৰি আহিছিল৷ সংবিধানৰ ১০নং ধাৰা তথা ১৯৮৬ চনত গৃহিত তামিলনাডু এছেম্বলী মেম্বাৰ্চ পাৰ্টী ডিফেকচন ল’ৰ অধীনত বিধায়কসকলক বহিস্কাৰ কৰা বুলি জানিব পৰা গৈছে।