গোৰেশ্বৰঃ বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ এক নিৰ্দেশনাক কেন্দ্ৰ কৰি উত্তপ্ত হৈ আছে বাক্সা জিলাৰ গোৰেশ্বৰ মহাবিদ্যালয়ৰ ছাত্ৰ সমাজ আৰু দল সংগঠন। যোৱা ১৫ ছেপ্তেম্বৰত স্নাতক পৰ্যায়ত গুৰু বিষয়ত ইংৰাজী মাধ্যম বাধ্যতামূলক কৰি অসমীয়া ভাষা আতৰাই দিয়াক লৈ গোৰেশ্বৰৰ ৰাজপথত শতাধিক ছাত্ৰ ছাত্ৰীয়ে অৱস্থান কৰি পৰিস্থিতি উত্তপ্ত কৰাৰ পিছত আজি পুনৰ গোৰেশ্বৰ মহাবিদ্যালয়ত সৃষ্টি হয় আন এক অভাৱনীয় পৰিস্থিতিৰ।
আজি মহাবিদ্যালয়খনত স্নাতক পৰ্যায়ৰ চেচনেল পৰীক্ষা অনুষ্ঠিত হৈ থকাৰ সময়ত ইতিহাস বিষয়ৰ পৰীক্ষা ইংৰাজী ভাষাতে লিখিবলৈ ছাত্ৰ ছাত্ৰীক কোৱাত ছাত্ৰ ছাত্ৰী সকলে পৰীক্ষাগৃহ ত্যাগ কৰি বাহিৰত প্ৰতিবাদ সাব্যস্ত কৰে। ইয়াকে লৈ এক অনাকাংক্ষিত পৰিস্থিতিৰ সৃষ্টি হোৱাৰ উপক্ৰম হয় যদিও মহাবিদ্যালয়খন অধ্যক্ষই ছাত্ৰ ছাত্ৰীৰ সৈতে প্ৰেক্ষাগৃহত আলোচনাত মিলিত হৈ পৰিস্থিতি নিয়ন্ত্রণ কৰে।