কামপুৰঃ খাদ্য সুৰক্ষা আঁচনিৰ ভূৱা ৰেচন কাৰ্ডৰে লুণ্ঠন চলাইছে কঠীয়াতলী সমবায় সমিতিৰ একাংশ সূলভ মূল্যৰ দোকানীয়ে। সোমবাৰে কঠিয়াতলী সমবায় সমিতিৰ বাৰ্ষিক সাধাৰণ সভাৰ মাজত এনে অভিযোগ উত্থাপন কৰে সমবায়খনৰ প্ৰাক্তন সম্পাদক লিয়াকত আলী আৰু স্থানীয় লোকসকলে৷
প্ৰাক্তন সম্পাদকগৰাকীয়ে লগতে অভিযোগ কৰি কয় যে সমবায় খনৰ খাদ্য সুৰক্ষা আচঁনিৰ দহ হাজাৰ খন কাৰ্ডৰ ভিতৰত প্ৰায় দুহেজাৰ খন কাৰ্ড ভূৱা৷ এই ভূৱা ৰেচন কাৰ্ডৰ জৰিয়তে একাংশ সুলভ মূল্যৰ দোকানীয়ে দুখীয়া লোকৰ বাবে অহা চাউল সমূহ ক’লা বজাৰত বিক্ৰী কৰি ৰমৰমীয়া ব্যৱসায় চলাই আহিছে৷