ডিফুঃ সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে আজি পাহাৰীয়া জিলাৰ সদৰ ডিফুত আছুৰ কাৰ্বি আংলং জিলা সমিতিৰ উদ্যোগত আৰু ডিফু আঞ্চলিকৰ সহাযোগত বিক্ষোভ কাৰ্যসূচী গ্ৰহণ কৰা হয়৷
ৰাজ্যখনৰ বিভিন্ন স্থানত দীনদয়াল উপাধ্যায়ৰ নামত ২২ খনকৈ মহাবিদ্যালয় স্থাপনৰ সিদ্ধান্ত আৰু মাতৃভাষা মাধ্যমৰ বিদ্যালয়ত অনা অসমীয়াৰ নিযুক্তি আদিৰ বিৰোধিতাতাৰে সমগ্ৰ অসমৰ লগত সংগতি ৰাখি ডিফুতো সদৌ অসম ছাত্ৰ সন্থাই বিক্ষোভ কাৰ্যসূচী পালন কৰাৰ লগতে ডিফু চহৰৰ মাজেৰে সমদল বাহিৰ কৰি অসম চৰকাৰৰ সিদ্ধান্তৰ বিৰোধিতাত বিভিন্ন শ্ল’গানেৰে পৰিবেশ উত্তাল কৰি তোলে৷