61
নগাঁওঃ লাওঁখোৱা অভয়াৰণ্যত আজি এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হয়৷ অভয়াৰণ্যত কৰ্মৰত বনকৰ্মীৰ গুলীত কছাৰিগাঁও কঠাঁলগুৰিৰ মনিৰুদ্দিন নামৰ মাছমৰীয়াজন নিহত হয়৷
জানিব পৰা মতে, অবৈধ মাছমৰীয়াৰ বিৰুদ্ধে বনকৰ্মীৰ অভিযানকালত সংঘটিত হয় এই ঘটনা৷ দীৰ্ঘদিনৰে পৰা অবৈধভাৱে একাংশ মাছমৰীয়াই অভয়াৰণ্যখনত মাছ মাৰি আহিছিল৷ আজি মাছমৰীয়াক খেদিব যাওতে বনকৰ্মীৰ লগত সংঘৰ্ষত লিপ্ত হয় মাছমৰীয়াসকল৷