55
নগাঁওঃ দেশৰ সংবিধানে সমাজৰ অনুসূচিত জাতিৰ লোকসকলৰ সৰ্বাংগীন উন্নয়ণৰ অৰ্থে প্ৰদান কৰা সংৰক্ষণ ব্যৱস্থাৰ অচিলা লৈ এচাম অনা অনুসূচিত জাতিৰ লোকে নানা চল-চাতুৰিৰে গ্ৰহণ কৰি মুনাফা অৰ্জন কৰি আহিছে৷
সেয়ে ৰাজ্যৰ বিভিন্ন চৰকাৰী বিভাগত এনেদৰে বিভাগীয় কৰ্তৃপক্ষক বিপথে পৰিচালিত কৰি ভুৱা জাতিগত প্ৰমাণ পত্ৰৰে চাকৰি কৰি থকা অসৎ ব্যক্তিসকলৰ বিৰুদ্ধে শেহতীয়াভাৱে অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদে অভিযান আৰম্ভ কৰিছে৷