52
নগাঁওঃ নগাঁৱৰ দেওধৰ চাৰিআলিত এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হয়৷ নগাঁৱৰ ৰুদ্ৰ মুক্তিয়াৰ নামৰ মেজিক চালকজনৰ ওপৰত অচিনাক্ত দুৰ্বৃত্তই আক্ৰমণ চলায়৷ ফলত মেজিক চালকজন গুৰুতৰ ভাৱে আহত হয়৷
জানিব পৰা মতে মেজিক চালকজনক দুৰ্বৃত্তই লোহাৰ ৰ’ড, হাতুৰি আৰু লাঠিৰে আক্ৰমণ কৰে৷ দুৰ্বৃত্তৰ আক্ৰমণত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত ৰুদ্ৰ মুক্তিয়াৰক স্থানীয় ৰাইজে ততাতৈয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰে৷