55
দলংঘাটঃ মৰমলগা পানী কেচুৱা এটি। বয়স মাত্ৰ ৮ মাহ। মা বুলি মাতিব নোৱাৰোতেই দুৰাৰোগ্য ৰোগত আক্ৰান্ত। তাৰ আক্ৰান্ত শৰীৰৰ চিৎকাৰত বুকু ভাঙি পেলায় সকলোৰে। শিশুটিক লৈ দিক বিদিক হেৰুৱাই পেলাইছে পৰিয়াল তথা গাওঁবাসীয়ে।
সকলোৱে শিশুটিৰ আৰোগ্যৰ বাবে মন্দিৰত চাকি জ্বলাই ভগৱানক খাতিছে। যোৱা ২৬ জানুৱাৰী তাৰিখে দৰং জিলাৰ কলাইগাঁৱ সমষ্টিৰ অন্তৰ্গত দলংঘাটৰ কাৱৈমাৰি গাঁৱত জন্ম লাভ কৰিছিল দেৱ শিশুটিয়ে।