নলবাৰীঃ অসমৰ অন্যতম ইতিহাস প্ৰসিদ্ধ শক্তিপীঠ নলবাৰী বেলশৰৰ বিল্বেশ্বৰত ২১ ছেপ্টেম্বৰৰ পৰা ১০ দিনীয়া দূৰ্গা পূজা আৰম্ভ হৈ ৩০ ছেপ্টেম্বৰত শেষ হ’ব৷ প্ৰতিপদ তিথিৰ পৰা আৰম্ভ হোৱা এইখনেই অসমৰ ভিতৰত একমাত্ৰ শক্তিপীঠৰূপে পৰিগণিত দূৰ্গা পূজা৷
পূজা পৰিচালনা সমিতি জানিব দিযা মতে প্ৰায় ছয় লক্ষ ভক্তক আদৰিবলৈ সাজু কৰি তোলা হৈছে দেৱালয় ক্ষেত্ৰ৷ যোৱা দুমাহ ধৰি ৪০-৫০ জন কৰ্মীয়ে দিন-ৰাতি কাম কৰি সাজু কৰি তুলিছে৷ দেৱালয়ত এইবাৰ প্ৰথমবাৰৰ বাবে হাইমাষ্ট লাইটে পোহৰাই ৰাখিব পূজাথলী৷