ডিজিটেল ৰিপ’ৰ্টঃ ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ নামত কামৰূপ জিলাত সংঘটিত জিৰাট কেলেংকাৰীৰ তথ্য newsnextone.com-এ ফাদিল কৰাৰ পিছত জিলাখনৰ সৰ্বত্ৰে এতিয়া বিষয়টোক লৈ ব্যাপক হাৰত চৰ্চা চলা পৰিলক্ষিত হৈছে।
শিৱসাগৰ জিলাত সংঘটিত জিৰাট কেলেংকাৰীৰ ঘটনাই ৰাজ্য কঁপাই যোৱাৰ পিছত কামৰূপ জিলাতো শেহতীয়াভাৱে উদ্ঘাটন হোৱা তদ্ৰুপ এই জিৰাট কেলেংকাৰীয়ে ৰাইজক হতবাক কৰি তোলাৰ লগতে সমগ্ৰ ৰাজ্যখনতে ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ নামত কেবাহেজাৰ কোটিটকীয়া এক বিয়াগোম কেলেংকাৰী সংঘটিত হোৱাতো একপ্ৰকাৰ নিশ্চিত হৈ পৰিছে।