গুৱাহাটীঃ সৰ্ব্বানন্দ সোণোৱাল নেতৃত্বাধীন বিজেপি মিত্রজোঁটৰ চৰকাৰখনে কাৰ্যকালৰ ১৬ মাহ অতিক্ৰম কৰিলে। পৰিবৰ্তনৰ শ্ল’গান আৰু অভূতপূৰ্ব উন্নয়নৰ প্ৰতিশ্ৰুতিৰে ক্ষমতাত অধিষ্ঠিত হোৱা এই চৰকাৰখনে ইতিমধ্যে প্ৰতিশ্ৰুতি প্ৰদানেৰে অভিলেখ ৰচনা কৰিছে। ইয়াৰ পৰিপ্রেক্ষিততে ক্ৰমান্বয়ে গণ বিচ্ছিন্ন হ’বলৈও ধৰিছে৷ আজি গুৱাহাটী প্ৰেছ ক্লাৱত হিন্দু যুৱ-ছাত্ৰ পৰিষদে এখন সংবাদমেল আয়োজন কৰি চৰকাৰখনৰ সন্মুখত কেতবোৰ প্ৰশ্ন উত্থাপন কৰি চৰকাৰে প্ৰদান ৰা প্ৰতিশ্ৰুতিত কিমান সফল হৈছে, তাৰ খাতিয়ান বিচাৰে৷
খিলঞ্জীয়া অসমবাসীৰ বাবে অস্তিত্বৰ সংকট সৃষ্টি কৰা এই সমস্যাসমূহ সমাধান তথা বিপদসমূহ প্ৰতিহত কৰাৰ সাহস আৰু দৃঢ়তা চৰকাৰখনৰ আছেনে নাই বুলি প্ৰশ্ন উত্থাপন কৰি হিন্দু যুৱ ছাত্ৰই চৰকাৰৰ পৰা সঠিক উত্তৰ বিচাৰে৷ বেদখলীকৃত ভূমি বেদখলমুক্ত কৰাটো কি হ’ল আৰু বাংলাদেশীকৃত ভূমি বেদখলমুক্ত কৰাৰ সন্দৰ্ভতো সংগঠনটোৱে প্ৰশ্ন উত্থাপন কৰে৷