চাবুৱাঃ চাবুৱাত অখিল গগৈক মুক্তি দিয়াৰ দাবীত উত্তাল প্ৰতিবাদ৷ ৰেল পথ অৱৰোধ কৰি শ শ লোকে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷ প্ৰতিবাদকাৰীক ছত্ৰভংগ দিবলৈ আৰক্ষীয়ে লাঠিচালনা কৰাত কেবাজনো প্ৰতিবাদকাৰী আহত হোৱা বুলি জানিব পৰা গৈছে৷
ৰাজ্যৰ গৃহ বিভাগে কৃষক নেতা অখিল গগৈক ৰাষ্ট্ৰদ্ৰোহৰ গোচৰত আটক কৰাৰ পাছৰে পৰা উত্তাল হৈ আছে ৰাজ্য৷ তাৰ মাজতে বুধবাৰে একাংশ দল-ৰেলপথ অৱৰোধ কৰি উত্তাল কৰে চাবুৱা৷ কৃষক নেতা অখিল গগৈক আটক কৰি ডিব্ৰুগড় জিলালৈ লৈ অহাৰ পাছৰে পৰা কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে চাবুৱাত প্ৰতিবাদ অব্যাহত ৰাখিছে৷