Home ৰাজ্যনীপকোৱে দিব লাগিব বান ক্ষতিগ্ৰস্তক ক্ষতিপুৰণ

নীপকোৱে দিব লাগিব বান ক্ষতিগ্ৰস্তক ক্ষতিপুৰণ

by News Desk
49 views
A+A-
Reset

লালুকঃ নিজ ইচ্ছামতে নীপকোৱে এৰি দিয়া পানীয়ে মুহূৰ্ততে লখিমপুৰ জিলাৰ হাজাৰ হাজাৰ লোক ঘৰ-দুৱাৰ হেৰুৱাই নিঠৰুৱা হৈছিল৷ ৰঙানদী জলবিদ্যুৎ প্ৰকল্পই এৰি দিয়া পানীয়ে ক্ষতি কৰা লোকসকলক সাহায্য প্ৰদানৰ দাবী জনাই ৰাজ্য উত্তাল হৈ পৰিছিল৷ অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ লখিমপুৰ জিলা সমিতিয়ে ৩ আগষ্টৰ পৰা প্ৰায় ৬০ ঘন্টা আমৰণ অনশন কৰি ৰাজ্য চৰকাৰক বানত ক্ষতিগ্ৰস্ত লোকসকলক ক্ষতিপুৰণ দিয়াৰ দাবী জনায়৷

তাৰ মাজতে ৰাজ্য চৰকাৰে আলোচনাৰ উদ্যোগ লয়৷ ৰাজ্য চৰকাৰৰ মুখ্য সচিব আৰু নীপকো জলবিদ্যুৎ প্ৰকল্পৰ কৰ্তৃপক্ষই ইতিমধ্যে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ সৈতে ৰাজ্যৰ মুখ্য সচিব পর্যায়ত আলোচনাত বহিছে৷ আনহাতে আছুৱে যোৱা ১৭ জুলাইত লখিমপুৰ শ্বহীদ ভৱনৰ সন্মুখত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি লখিমপুৰ জিলাত প্ৰলয়ংকাৰী বান সৃষ্টি কৰা নীপকোৰ বান্ধ বন্ধ কৰা আৰু মানুহৰ জীৱন, সম্পত্তি ধ্বংস কৰা ৰঙানদী জলবিদ্যুৎ প্ৰকল্পৰ বিৰুদ্ধে কঠোৰভাৱে তদন্ত কৰি সংশ্লিষ্ট বিষয়া-কৰ্মচাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সংগঠনটোৱে দাবী জনায়৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0