ধেমাজিঃ শিক্ষা বিভাগৰ আমূল সংস্কাৰৰ কথা কৈ ৰাজ্যৰ শিক্ষামন্ত্ৰীগৰাকীয়ে গুণোৎসৱ পাতি শিক্ষাৰ উৎকৰ্ষ সাধনৰ বাবে খৰচ কৰিছে কোটি কোটি টকা। কিন্তু প্ৰকৃততে কেনেদৰে চলিছে ৰাজ্যৰ শিক্ষা বিভাগ৷ চিলাপথাৰ নগৰৰ নিচেই সমীপৰ চিলাপথাৰ-লিকাবালি পথত থকা ঘাৰমৰা আদৰ্শ সত্ৰ প্ৰাথমিক বিদ্যালয়খনৰ সংকটজনক অৱস্থাতো দেখিলেই হিমন্ত বিশ্ব শৰ্মাৰ যে সৰ্বকালৰ এজন ব্যৰ্থ মন্ত্ৰী সেই কথা স্পষ্ট হ’ব।
শতাধিক কণ কণ ছাত্ৰ-ছাত্ৰীয়ে প্ৰাথমিক শিক্ষা গ্ৰহণ কৰিবলৈ এইখন বিদ্যালয়লৈ দৈনিক অহা যোৱা কৰে। কিন্তু বিদ্যালয়খনৰ অৱস্থা বিদ্যালয় গৃহৰ নামত গোহালি সদৃশ এটা ঘৰহে। বৰষুণ দিলে ভিতৰত থাকিব নোৱাৰি। বহুবছৰীয়া ফটাচিতা টিনবোৰ মামৰে ধৰিছে। ছাত্ৰ-ছাত্ৰী বহিবলৈ নাই বেঞ্চ ডেস্কৰ নূন্যতমো সুবিধা।