গোলকগঞ্জঃ সামগ্ৰী আৰু সেৱা কৰ জি এছ টিৰ অধীনত ৱ্যৱসায় পঞ্জীয়ন কৰাটো এটা ফেচবুক একাউন্ট খোলাৰ দৰেই সহজ আৰু সৰল। বুধবাৰে ধুবুৰী আৱৰ্ত ভৱনৰ আলোচনা কক্ষত সাংবাদিক বাবে আয়োজিত জি এছ টি বিষয়ক এখন কৰ্মশালাত ভাষণ দি এইদৰে কয় ধুবুৰী জিলা সহকাৰী আয়ুক্ত সুব্ৰত চক্রৱৰ্তীয়ে।
ধুবুৰী জিলা সহকাৰী আয়ুক্ত গৰাকীয়ে সামগ্ৰী আৰু সেৱা কৰ আইনৰ বিভিন্ন দিশৰ সহজ ব্যাখ্যা দাঙি ধৰি কয় য়ে জি এছ টি দৰাচলতে এখন ভাল আৰু সৰল আইন। এই আইনৰ দ্বাৰা দেশত চলি থকা ফাঁকি বন্ধ কৰিব পৰা যাব বুলি দাবী কৰি বিষয়া গৰাকী কয় যে আৰম্ভণিতে সকলোৰে মনত কিছু দিধা শক্ষা বা সন্দেহ থাকিলেও লাহে লাহে ই সহজ সৰল হৈ পৰিছে।