234
লালুকঃ বেচৰকাৰী সংগঠন ‘ৰেঙণি’ৰ উদ্যোগত আৰু ‘লোক সংস্কৃতি কলা পৰিষদ, লালুক’ৰ সহযোগত অহা ২ অক্টোবৰত অসম-অৰুণাচল সীমান্তৱৰ্তী ডেংকাজুলি কাৰ্বি-নিছি গাঁৱত লোক-সংস্কৃতি উৎসৱ ‘গাভৰু-২০১৭’ ৰ আয়োজন কৰা হৈছে৷
গান্ধী জয়ন্তীৰ পবিত্ৰ দিনটোত অসম-অৰুণাচল সীমান্তৰ নৈসৰ্গিক প্ৰাকৃতিক পৰিবেশৰ মাজত আয়োজিত উক্ত উৎসৱত অসমৰ বিভিন্ন জনগোষ্ঠীৰ লগতে চুবুৰীয়া অৰুণাচল প্ৰদেশৰ জনগোষ্ঠীৰ শিল্পীৰ দলে অংশগ্ৰহণ কৰিব৷