গুৱাহাটীঃ “কুশল, ওৱালখনৰ ওচৰৰ জংঘলখিনি চাফা কৰি দিবি। ইহঁত কেইটাক কৈ চাফা কৰিবি। আমাৰ ফইজুল, হানিফহতো আছে সিহঁতক ক’লেও হ’ব। মই কোৱা বুলি কবি ফইজুল, হানিফহতে গোটেই ওৱালখনৰ কাষটো চাফা কৰি দিব৷ নহ’লে লাজ লগা কথা হ’ব৷ ইমান মানুহ আহিব পূজাখনত৷”-দীঘল দাড়িৰে মূৰত টুপি পিন্ধি থকা মানুহজনে কথাখিনি কৈ আঁতৰি গ’ল৷
তাৰ পিছত এখন হাতেৰে চাইকেল এখন ঠেলি আনি থকা আন এজন দাড়ি থকা লোকে কুশলক সকলো ঠিকে থাকে চলিছেনে বুলি সুধি খবৰ ল’লে। কাষতে কাম কৰি থকা আলী, ৰহমানহতে পেণ্ডেল সময়মতে উলিয়াব পাৰিব নে নাই বুলি ৰগৰ কৰি যিকোনো অসুবিধা হ’লে ক’বলৈ কৈ চাইকেল ঠেলি অহা লোকজনেও গুচি গ’ল৷