গুৱাহাটীঃ অপ্সৰা মেনকাৰ গৰ্ভত শকুন্তলাৰ জন্ম হৈছিল। দেৱৰাজ ইন্দ্রই ঋষি বিশ্বামিত্রৰ ধ্যান ভংগ কৰিবলৈ ঢাল হিচাপে ব্যৱহাৰ কৰিছিল মেনকাক৷ মেনকাই ধ্যান ভংগ কৰিবলৈ সক্ষম হৈছিল বিশ্বামিত্ৰৰ। সুন্দৰী, ৰূপ, লাৱণ্যৰ অধিকাৰী মেনকাৰ মোহে বিশ্বামিত্রক বিচলিত কৰে৷ বিশ্বমিত্ৰই সংযম হেৰাই ধ্যান ভংগ কৰাই নহয় মেনকাৰ সৈতে শাৰীৰিক সম্পর্ক স্থাপন কৰিবলৈ উদ্ধাউল হয়। অৱশেষত বিশ্বামিত্ৰই মেনকাৰ সৈতে শাৰীৰিক সম্পৰ্ক গঢ়ে৷
দীর্ঘকাল এনেদৰে সম্পৰ্ক কৰাত মেনকা গর্ভবতী হয়। মেনকাই জন্ম দিয়ে এটি কন্যা সন্তানৰ৷ আনহাতে কন্যাসন্তান জন্মৰ পিছতে ধ্যান ভংগৰ পূণ্যফল ক্ষয় হোৱাত ক্রুদ্ধ হৈ বিশ্বামিত্রই মেনকাক এৰি গুচি যায়। মেনকাই উপায়বিহীন হৈ কন্যাক বনত এৰি আহে৷ ঋষি কন্বই বনৰ চৰায়ে আৱৰি থকা অৱস্থাত মেনকাৰ কন্যাক উদ্ধাৰ কৰে। ঋষি কন্বই কন্যাৰ নামকৰণ কৰে শকুন্তলা বুলি।