দলংঘাটঃ ৰাইজে কানত ধৰাই আঠু কঢ়ালে দুজন গভাইত চোৰক৷ লাখ টকাৰ সম্পত্তি চোৰ কৰি হ’ল এনে অৱস্থা৷ ঘটনা অনুসৰি যোৱা জন্মাষ্টমীৰ দিনাখনেই দৰং জিলাৰ দেওমৰনৈ সমলাৰ লক্ষ্মীকান্ত বৈশ্য নামৰ ব্যক্তিজৰ ঘৰমত সংঘটিত হৈছিল এক চুৰি কাণ্ড৷ জন্মাষ্টমীৰ বাবে ঘৰৰ পৰিয়াল নামঘৰত ব্যস্ত থকাৰ সুযোগতে চোৰে ঘৰ সোমাই লুটি নিছিল সোণৰ আ-অলংকাৰৰ লগতে নগদ ধন৷
কেইবা লাখ চকাৰ সম্পত্তি চুৰি হোৱাৰ পাছত অঞ্চলটোত সৃষ্টি হৈছিল হাহাকাৰ পৰিৱেশ৷ লক্ষ্মীকান্ত বৈশ্যই এই সন্দৰ্ভত মঙলদৈ সদৰ ধানাত এক গোচৰ ৰুজু কৰে৷ কিন্তু আৰক্ষীয়ে মঙলদৈ আৰক্ষীয়ে অনুসন্ধান চলাইও চোৰ ধৰিবলৈ সক্ষম নহ’ল৷