Home ৰাজ্যজাতীয় মহিলা পৰিষদৰ শিমলুগুৰি আঞ্চলিক সমিতি গঠন

জাতীয় মহিলা পৰিষদৰ শিমলুগুৰি আঞ্চলিক সমিতি গঠন

by News Desk
69 views
A+A-
Reset

শিমলুগুৰিঃ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ শিমলুগুৰি আঞ্চলিক সমিতিৰ উদ্যোগত জাতীয় মহিলা পৰিষদৰ ৰাজ্যিক সমিতিৰ সভানেত্ৰী দিপ্তী বড়া বৰুৱাৰ সভাপতিত্বত আজি শিমলুগুৰি জাতীয় মহিলা পৰিষদৰ আঞ্চলিক সমিতি গঠন কৰা হয়। লগতে ৰহদৈ তিনি আলি জাতীয় মহিলা পৰিষদৰ শাখা আৰু শিমলুগুৰি নগৰ সমিতি গঠন কৰা হয়। উক্ত সভাকেইখন আঁতধৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ শিমলুগুৰি আঞ্চলিকৰ সাধাৰণ সম্পাদক ৰূপম শইকীয়াই। 

সভাত উপস্থিত থাকে জাতীয় মহিলা পৰিষদৰ ৰাজ্যিক সভানেত্ৰী দিপ্তী বড়া বৰুৱা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ শিৱসাগৰ জিলা সমিতিৰ উপদেষ্টা নবিউল ইছলাম, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ শিমলুগুৰি আঞ্চলিকৰ ভাৰপ্ৰাপ্ত সভাপতি অজিত কোঁৱৰৰ লগতে শিমলুগুৰি আঞ্চলিকৰ দীপক ছেত্ৰী, মৌপ্ৰাণ বৰুৱা, সিদ্ধাৰ্থ বৰুৱা, টিবকু ৰায়৷ সভাত বহু শতাধিক মহিলা উপস্থিত থাকি জাতীয় মহিলা পৰিষদত যোগদান কৰে। অবৈধ মদৰ ঘাটি উচ্ছেদ কৰা, পানী যোগান আঁচনি নিয়মীয়াকৰণ কৰা, নিৰ্যাতিত মহিলা সকলক আইনগত ভাৱে সুৰক্ষিত কৰিবলৈ দাবী জনোৱাৰ লগতে সভাত কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰা হয়৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0