কোকৰাঝাৰঃ এবিএমছুৰ সভাপতি প্ৰয়াত লাফিকুল ইছলাম আহমেদৰ আত্মাৰ চিৰশান্তিৰ বাবে ৰাজহুৱা দোওৱা আৰু স্মৃতিচাৰণ সভা আজি দিনযোৰা কাৰ্যসূচীৰে ছালাকাটি এম ই মাদ্ৰাছা খেলপথাৰত অনুষ্ঠিত হয়৷ আজি পুৱা ছাত্ৰ সংগঠনটোৰ ভাৰপ্ৰাপ্ত সভাপতি আলী আজম শ্বেখে পতাকা উত্তোলনৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰাৰ পিছত ৮-৩০ বজাত শ্বহীদসকলৰ বাবে দোৱা কৰা হয়৷
৯ বজাত সৰ্বধৰ্ম প্ৰাৰ্থনাৰ কক্ষ মুকলি আৰু ১০ বজাত বৃক্ষ ৰোপণ কৰা হয় ৷ দুপৰীয়া ১২ বজাত ভোজনালয় উদ্বোধন আৰু ১ বজাৰ পৰা স্মৃতিচাৰণ সভা অনুষ্ঠিত হয়৷ এবিএমছুৰ ভাৰপ্ৰাপ্ত সভাপতি আলী আজম শ্বেখে সভাপতিত্ব কৰা স্মৃতিচাৰণ সভাত উদ্বোধনী ভাষণ আগবঢ়ায় এবিএমছুৰ সাধাৰণ সম্পাদক শ্বাহকামাল খন্দকাৰে৷