নলবাৰীঃ ঐতিহ্যমণ্ডিত নলবাৰী মহাবিদ্যালয়ৰ হৈ যোৱা ছাত্ৰ একতা সভাৰ নিৰ্বাচনৰ আজি ঘোষণা কৰা ফলাফলত এবিভিপিক বিধ্বস্ত কৰি অসমৰ জাতীয় সংগঠন সদৌ অসম ছাত্ৰ সন্থাই বৃহৎ সাফল্যৰে দখল কৰিব সক্ষম হয়।
জয় লাভ কৰা মুঠ ৯ গৰাকী আছু সমৰ্থিত প্ৰাৰ্থী হৈছে- সভাপতি দেৱজিত শৰ্মা, উপ সভাপতি জ্যোতিৰ্ময় বৰুৱা, সাধাৰণ সম্পাদক মানস জ্যোতি তালুকদাৰ (প্ৰতিদ্বন্দিতা কৰা) আৰু সহ সাধাৰণ সম্পাদক মিন্টু বৰ্মন, মনজিৎ শৰ্মা, আলোচনী সম্পাদক প্ৰণৱ শৰ্মা, সাংস্কৃতিক সম্পাদক হিমাংশু তালুকদাৰ, ছাত্ৰ জিৰণী চৰা সম্পাদক অঞ্জন মেধি আৰু গুৰু খেল বিভাগৰ সম্পাদক ব্ৰজেন বৰ্মনে (বিনা প্ৰতিদ্বন্দিতাই) নিৰ্বাচিত হয়।